*অপ্ৰাপ্তি*

জীৱনত কি নাপালো ?
নাভাৱিবা বন্ধ কোঠাত গুজৰি গুমৰি !
নুসুধিবা খন্তেকীয়া কোনোবা চিনাকীক !
আই চি ইউ ৰ ভিতৰলৈ ভুমুকিয়াই চাবাচোন
অসুখী কেৱল তুমিয়েই নে ?
ফুটপাথৰ শুকান মুখকেইখন চোৱা জানো কেতিয়াবা
দুখী মাথো তুমিয়ে নে ?
যোৱা নে কেতিয়াবা অনাথালয় অথবা বৃদ্ধাশ্ৰমলৈ
অকলশৰীয়া কেৱল তুমিয়ে নে ?
চাৰিওফালে এবাৰ চোৱা পৃথিৱীখন ।
কোনো শুই থকা নাই গোলাপৰ পাহিত ;
কাঁইট যে আছেই !
থাকিবই !
কাঁইট আঁতৰাই আহিব এদিন সুখবোৰ
মাথোন ধৈৰ্য ধৰা
কিছুপৰ, কিছুপল, কিছুক্ষণ !

1 Comment

  1. MrPi (Post author)

    কাঁইট আঁতৰাই আহিব এদিন সুখবোৰ মাথোন ধৈৰ্য ধৰা কিছুপৰ, কিছুপল, কিছুক্ষণ !

    Very Well written Bhaskar.Keep it up.Hope and patience….Never let go.

    Reply

Leave a Reply