অসমীয়া

*অপ্ৰাপ্তি*

জীৱনত কি নাপালো ? নাভাৱিবা বন্ধ কোঠাত গুজৰি গুমৰি ! নুসুধিবা খন্তেকীয়া কোনোবা চিনাকীক ! আই চি ইউ ৰ ভিতৰলৈ ভুমুকিয়াই চাবাচোন অসুখী কেৱল তুমিয়েই নে ? ফুটপাথৰ শুকান মুখকেইখন চোৱা জানো কেতিয়াবা দুখী মাথো তুমিয়ে নে ? যোৱা নে কেতিয়াবা অনাথালয় অথবা বৃদ্ধাশ্ৰমলৈ অকলশৰীয়া কেৱল তুমিয়ে নে ? চাৰিওফালে এবাৰ চোৱা পৃথিৱীখন । কোনো শুই থকা নাই গোলাপৰ পাহিত ; কাঁইট যে আছেই ! থাকিবই ! কাঁইট আঁতৰাই আহিব এদিন সুখবোৰ মাথোন ধৈৰ্য ধৰা কিছুপৰ, কিছুপল, কিছুক্ষণ !